Aug 22, 2026
Aug 22, 2026

ৰক্ত কৰবীৰ ৰঙৰদৰে ...
Jointly with Dr. Ratan Bhattacharjee
প্ৰপঞ্চা বৰুৱা &ড.ৰতন ভট্টাচার্য
চিত্ৰপট ১
তোমাৰ বুকুতো আছে নে বাৰু
ভালপোৱাৰ ঠিকনাটি....
ধমনীৰ সিৰা - উপসিৰাৰে যায়
নে বাৰু তালৈও হৃদয়ৰ
মৌসনা আৱেগবোৰ.....।
নে , দীৰ্ঘস্থায়ী হোৱাৰ তাড়নাত
সেয়াও শিলত কাটি লৈছা ?
আজিৰ কংক্ৰীটৰ পৃথিৱীত
সকলো সহজলভ্য ।
সকলো মাথোঁ কিনা বেচাৰ খেল।
কেঁচা কলিজাৰ জীয়া ৰংবোৰ হেৰাই গৈছে ,
আন্ধাৰে নিশ্চিহ্ন কৰিছে
ৰক্ত কৰবীৰ ৰঙাবোৰ....
সপোন পখিলাৰ পাখিবোৰো
এটি দুটিকৈ সৰিছে।
চিত্ৰপট ২
সদ্য অংকুৰিত ফুলৰ কলি
এটাই পূৰ্ণতা প্ৰাপ্তিৰ সপোন লৈয়ে
কেতিয়াবা জয় পৰে,
কেতিয়াবা ঠানি ছিগি সৰি পৰে,
আৰু কেতিয়াবা পূৰ্ণ বিকশিত
হৈ পোহৰ কৰে।
ঠিক জীৱনৰ দৰে ....।।
23 October 2019