Blog

Our Crusade against Corona

Prapancha's Poetic Wonderland

 

তোমালোকৰ কাহিনীৰে. 
*********************
ডঃ ৰতন ভট্টাচাৰ্য । প্ৰপঞ্চা বৰুৱা ।
********************
জল তরন্গর দরে
বোবা সময়র ধ্বনিবোর
মোর শিলর অহংকার তিয়াই
বেপেরুয়া ফাগুণী বতাহজাকর সৈতে আতরি যায়
অলেখ সেউজ সপোন
বিজুলীর চিকমিকনির দরে
কল্পনার চরাই হৈ উরা মরা নাই
নিয়তিয়ে দিয়া দুখবোর বেছি গধুর
তথাপিও পথর সকলো বাঁধা নেওচি জীবনর আকাশ চুবলৈ হেপাহ
সময়র ধনাত্মকতা নুবুজা
হিয়া উজারি দিয়াতো গ্রহন নকরা আমার ব্যর্থতা
অতীতক পাহরি সময়ক আপোন ভাবি
জীবন ঊপভোগ করা কিনো সহজ কথা
এনেকুয়া কঠিন রংহীন ফাগুন কেতিয়ানো দেখিছো
এবুকু যন্ত্রনা লৈ চটফটাই আছো
পানিত খোঁজ কারি ফুরিলে জুর নপরে
--------------------------------
আজি সুৰুজৰ বৰণ ক'লা।
নিয়ৰ সনা ঘাঁহনিদৰাত কেকটাছৰ গঁজালি......
সদায় কোমল ৰদৰ উম লৈ
দেউদি ফুৰা শালিকা দুটিকো আজি দেখা নাই ,
ক'লা সুৰুজে চাগে সিহঁতক দিন
ৰাতিৰ উমান ধৰিবলৈকে দিয়া নাই।।

ঢেঁকীয়াৰ আঙুলিৰে সপোনৰ গঁজালি ৰোপণ কৰা
বুঢ়ী বাইকো আজি দেখা নাই,
(মুঠি মুঠি কৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি।)
হয়তো বুঢ়ী বাইয়ে বাট হেৰুৱাইছে।
আৰু শুনিছো উদং ৰাজপথত এজাক কোলাহল,
নিজৰ অৰ্থহীনতাৰ .....সিহঁতৰো যে আছে,
আশাৰে বাট চোৱা একোখনি কৰুণ মুখ।
ৰিহাৰ আঁচলত আকাশৰ তৰাকেইটিকো
বান্ধি পেলাব পৰা , সপোনবোৰ তাঁতৰ পাতত
আঁকিব জনা আকাশী জনীয়ে হয়তো নাজানে
, এইবাৰ যে কুলিৰ মাতটো ব'হাগ নাহে।
শ্বাসৰুদ্ধতাত মৰিশালী বুকু,
গতি থাকিও স্থবিৰ সময়।।

 

More By  :  Prof. Prapancha Boruah

  • Views: 875
  • Comments: 0





Name *
Email ID
 (will not be published)
Comment
Verification Code*

Can't read? Reload

Please fill the above code for verification.